সন্মানীয় অভিভাৱক,

আপোনাৰ জ্ঞাত যে বিহপুৰীয়া অঞ্চলৰ অগ্ৰণী শিক্ষানুস্থান হিচাপে দীক্ষা বিদ্যা ভৱনে , LEAD ৰ সহায় লৈ ,আধুনিক শিক্ষা ব‍্যৱস্থাৰে আপোনাৰ সন্তানটিক শিক্ষিত কৰি তুলিবলৈ অগ্ৰসৰ হৈছে। প্ৰচলিত শিক্ষণ পদ্ধতিৰ পৰা ইলেকট্ৰনিক মাধ্যম-মিশ্ৰিত আধুনিক শিক্ষণ ব্যৱস্থালৈ উত্তৰণ ঘটাৰ সময়ত আমি আৰু আপোনালোক সকলোৱেই কিছু প্ৰাৰম্ভিক অসুবিধাৰ সন্মুখীন হ’লেও অতি সোনকালেই আমি যে এই নতুন ব‍্যৱস্থাত অভ‍্যস্ত হ’ব পাৰিম সেয়া নিশ্চিত।

ৰাষ্ট্ৰীয় মাধ‍্যমিক শিক্ষা সংসদৰ নীতি-নিৰ্দেশনা অনুসৰি শৈক্ষিক পাঠ গ্ৰহণ আৰু আনুসংগিক কাৰ্যকলাপৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণী লৈ প্ৰতিদিনে ছয় ঘণ্টা সময় ছাত্ৰ-ছাত্ৰী সকলে স্কুলত অতিবাহিত কৰিব লাগে। কিন্তু আজিকোপতি আমাৰ বিদ্যালয়ৰ পাঠদানৰ সময় কেৱল পাঁচ ঘণ্টা হৈ থকাৰ বাবে ছাত্ৰ-ছাত্ৰী সকল, এঘণ্টা মূল্যবান সময় স্কুলত অতিবাহিত কৰাৰ পৰা বঞ্চিত হৈ আছে।

গতিকে বিদ্যালয় কৰ্তৃপক্ষই পাঠদানৰ সময় ছয় ঘণ্টা সম্পূৰ্ণ কৰিবৰ বাবে , অহা ইংৰাজী 11/5/2023 ৰ পৰা স্কুলৰ সময়, প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পুৱা 9.30 ৰ পৰা বিয়লি 3.30 লৈ সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

ইয়াৰ জৰিয়তে এই পৰিৱৰ্তিত সময়সূচী আপোনাৰ জ্ঞাতাৰ্থে আগতীয়াকৈ জনোৱা হৈছে যাতে আপোনাৰ সন্তানটিৰ স্বাৰ্থত, এই পৰিৱৰ্তিত সময়সূচীৰ বাবে বিহিত ব‍্যৱস্থা লোৱাত আপোনাৰ সুবিধা হয়।

 

শ্ৰদ্ধা সহকাৰে

দীক্ষা কৰ্তৃপক্ষ